21কিন্তু বিন্যামীন বংশৰ লোকসকলে যিৰূচালেমত বাস কৰা যিবুচীয়াসকলক উচ্ছেদ নকৰিলে; সেয়ে বিন্যামীন বংশৰ লগত যিবুচীয়াসকল আজিও তাত বসবাস কৰি আছে।
22যোচেফৰ বংশয়ো বৈৎএল নগৰ আক্রমণ কৰিবলৈ গ’ল। যিহোৱা তেওঁলোকৰ সঙ্গী আছিল।
23তেওঁলোকে বৈৎএল নগৰখন ভালদৰে চাইচিতি আহিবলৈ মানুহ পঠালে; বৈৎএলৰ আগৰ নাম আছিল লুজ।
24পাছত চোৰাংচোৱাসকলে সেই নগৰৰ পৰা এজন মানুহক বাহিৰলৈ ওলাই অহা দেখি, তেওঁক ক’লে, “অনুগ্রহ কৰি এই নগৰত সোমোৱাৰ পথটো আপুনি আমাক দেখুৱাই দিয়ক। আমি আপোনালৈ দয়ালু হ’ম।”
25তেতিয়া তেওঁ তেওঁলোকক নগৰত সোমোৱা পথ দেখুৱাই দিয়াত তেওঁলোকে গৈ সেই নগৰ তৰোৱালেৰে আক্রমণ কৰিলে, কিন্তু সেই লোকজনক আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকক ৰেহাই দিলে।
26তাৰ পাছত সেই মানুহজনে হিত্তীয়াসকলৰ দেশলৈ গৈ তাত এখন নগৰ সাজিলে আৰু তাৰ নাম লুজ ৰাখিলে; আজিলৈকে নগৰখন এই নামেৰেই আছে।
27মনচিৰ বংশৰ লোকসকলে বৈৎ-চান, তানক, দোৰ, যিব্লিয়াম, মগিদ্দো চহৰৰ আৰু ইয়াৰ আশে-পাশে থকা গাওঁবোৰৰ বাসিন্দাসকলক উচ্ছেদ নকৰিলে, কাৰণ কনানীয়াসকলে সেই ঠাইতে থাকিবলৈ মন দৃঢ় কৰিলে।
28পাছত ইস্ৰায়েলীয়াসকল যেতিয়া শক্তিশালী হৈ উঠিল, তেতিয়া তেওঁলোকে সেই কনানীয়াসকলক তেওঁলোকৰ দাস হৈ কাম কৰিবলৈ বাধ্য কৰালে; কিন্তু তেওঁলোকক একেবাৰে খেদি নিদিলে।
29ইফ্ৰয়িমৰ বংশধৰসকলেও গেজৰৰ পৰা কনানীয়াসকলক বাহিৰ কৰি নিদিলে; সেয়ে তেওঁলোক গেজৰতে তেওঁলোকৰ মাজত বাস কৰি থাকিল।