Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 1

বিচাৰ 1:13-17

Help us?
Click on verse(s) to share them!
13তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
14অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
15তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
16মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
17যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।

Read বিচাৰ 1বিচাৰ 1
Compare বিচাৰ 1:13-17বিচাৰ 1:13-17