Text copied!
Bibles in Assamese

বিচাৰ 1:13-17 in Assamese

Help us?

বিচাৰ 1:13-17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 তাতে কালেবৰ ভায়েক কনজৰ সন্তান অৎনীয়েলে দবীৰ অধিকাৰ কৰিলে আৰু সেয়ে কালেবে নিজৰ জীয়েক অকচাক অৎনীয়েলে সৈতে বিয়া দিলে।
14 অৎনীয়েলৰ লগত অকচা অহাৰ পাছতেই অকচাই স্বামীক খাটিবলৈ ধৰিলে, যাতে তেওঁ তাইৰ বাপেকক তাইৰ কাৰণে এখন পথাৰ দিবলৈ অনুৰোধ কৰে। পাছত অকচা যেতিয়া গাধৰ পিঠিৰ পৰা নামিল, কালেবে তাইক সুধিলে, “তোমাক কি লাগে মাজনী?”
15 তাই উত্তৰ দিলে, “দেউতা, আপুনি মোক এক আশীৰ্ব্বাদ দিয়ক; কিয়নো আপুনি মোক নেগেভৰ ভূমি যেতিয়া দিছে, তেন্তে জলৰ নিজৰাবোৰো মোক দিয়ক।” এই কথা শুনি কালেবে তাইক সেই ঠাইৰ ওপৰ আৰু তল অংশত থকা নিজৰাবোৰ দিলে।
16 মোচিৰ শহুৰেকৰ বংশৰ সন্তান সকল, যিসকল জাতিত কেনীয়া আছিল, তেওঁলোকে যিহূদাৰ লোকসকলৰ সৈতে খেজুৰ চহৰৰ পৰা অৰাদ এলেকাৰ ওচৰৰ নেগেভত থকা যিহূদাৰ লোকসকলে বসবাস কৰা মৰুভূমিলৈ তেওঁলোকে সৈতে বসবাস কৰিবলৈ উঠি গ’ল।
17 যিহূদা বংশৰ লোক সকলে তেওঁলোকৰ ভাই চিমিয়োন বংশৰ লোক সকলৰ লগত গৈ চফৎ চহৰৰ বাসিন্দা কনানীয়াসকলক আক্রমণ কৰিলে আৰু সেই চহৰ সম্পূর্ণকৈ বিনষ্ট কৰিলে। এই কাৰণতে সেই চহৰৰ নাম দিয়া হ’ল হৰ্মা।
বিচাৰ 1 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019