Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 18

বিচাৰ 18:5-11

Help us?
Click on verse(s) to share them!
5তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আমি তোমাক অনুৰোধ কৰোঁ, যাবলগীয়া পথত আমাৰ মঙ্গল হ’ব নে নহ’ব, সেই বিষয়ে আমি জানিবৰ কাৰণে, তুমি ঈশ্বৰক সোধা।”
6তাতে সেই পুৰোহিতে তেওঁলোকক ক’লে, “কুশলে যোৱা, তোমালোকে যাবলগীয়া পথ যিহোৱাৰ সাক্ষাতত আছে।”
7তাৰ পাছত সেই পাঁচজন লোকে প্রস্থান কৰি লয়িচ পাই দেখিলে যে, তাত থকা লোকসকল চীজোনীয়া লোকসকলৰ নিচিনাকৈ শান্তভাৱে আৰু নিশ্চিন্ত হৈ নিৰ্ভয়ে বাস কৰি আছে; কিয়নো সেই দেশত তেওঁলোকক কোনো কথাত হানি কৰিব পৰা ক্ষমতা থকা কোনো মানুহ নাছিল আৰু চীদোনীয়াহঁতৰ পৰা সিহঁত দূৰত আছিল আৰু আন কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল।
8পাছত তেওঁলোকে চৰা আৰু ইষ্টায়োললৈ নিজ ভাইসকলৰ গুৰিলৈ উলটি গ’ল, তাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে তেওঁলোকক সুধিলে “তোমালোকে কি সম্বাদ আনিছা?”
9তেতিয়া তেওঁলোকে ক’লে, “ব’লা, আমি সেই লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰোঁ! আমি সেই দেশ দেখিলোঁ; অতি উত্তম দেশ, তোমালোকে কেলেই একো নকৰাকৈ আছা? সেই দেশলৈ যাবৰ বাবে আৰু সেই দেশ অধিকাৰ কৰিবলৈ পলম নকৰিবা।
10যেতিয়া তোমালোকে সেই দেশলৈ যাবা, তেতিয়া তাৰ লোকসকলক নিশ্চিন্তে থকা দেখা পাবা; আৰু সেই দেশ বহল; কিয়নো ঈশ্বৰে তোমালোকৰ হাতত সেই দেশ সমৰ্পণ কৰিলে আৰু সেই ঠাইত পৃথিৱীত থকা কোনো বস্তুৰ অভাৱ নাই।”
11তেতিয়া চৰা আৰু ইষ্টায়োল চহৰৰ পৰা দান বংশৰ ছশলোকে যুদ্ধৰ অস্ত্ৰেৰে ভালকৈ সাজু হৈ যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।

Read বিচাৰ 18বিচাৰ 18
Compare বিচাৰ 18:5-11বিচাৰ 18:5-11