5যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
7জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
8যুৱতীৰ ককায়েকসকলৰ কথা; আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম।
10ককায়েকসকললৈ যুৱতীৰ কথা: মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত।
11বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল ৰূপ দিবলগীয়া হৈছিল।
12মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে।
13প্রিয়ৰ কথা: হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া।