8হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ। লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা, সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা তুমি নামি আহাঁ।
9মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা।
10হে মোৰ প্রিয়া, মোৰ কইনাজনী, তোমাৰ ভালপোৱা কিমান যে মনমোহা! দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম।
11হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে; তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে; তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা।