Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পৰম - পৰম 4

পৰম 4:1-7

Help us?
Click on verse(s) to share them!
1চলোমনে কইনাৰ সৌন্দর্যৰ প্রশংসা কৰা প্রিয়ৰ কথা: প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! তুমি সুন্দৰী। ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা।
2এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।
3তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা; কি যে মৰমলগা তোমাৰ মুখ। ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
4তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, য’ত ওলমি আছে এহেজাৰ ঢাল; সেই সকলোবোৰেই সৈন্যসকলৰ।
5তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা।
6ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে, হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম।
7মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো খুঁত নাই।

Read পৰম 4পৰম 4
Compare পৰম 4:1-7পৰম 4:1-7