1প্রিয়াৰ কথা: মই যেন চাৰোণৰ এটি গোলাপ, উপত্যকাৰ এটি লিলি ফুল।
2প্রিয়ৰ কথা: কাঁইটবোৰৰ মাজত লিলি ফুল এটি যেনে ছোৱালীবোৰৰ মাজত মোৰ প্রিয়া তেনে।
3প্রিয়াৰ কথা: বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।
4তেওঁ মোক ভোজৰ ঘৰলৈ লৈ গ’ল, আৰু প্রেমেই হ’ল মোৰ ওপৰত তেওঁৰ নিচান।
5কিচমিচৰ পিঠাৰে মোক শক্তিশালী কৰা, আৰু সুমথিৰা টেঙাৰে মোৰ প্ৰাণ জুৰুউৱা; কিয়নো প্ৰেমতে মই দুর্বল হৈছোঁ।
6মোৰ মূৰৰ তলত তেওঁৰ বাওঁহাত আছে, আৰু তেওঁৰ সোঁহাতে মোক আকোঁৱালি ধৰিছে।
7হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
8সেয়া শুনা, মোৰ প্ৰিয়ৰ শব্দ! সেয়া চোৱা, তেওঁ আহিছে, তেওঁ পাহাৰ-পৰ্ব্বতৰ ওপৰেদি ডেও দি জপিয়াই আহিছে।
9মোৰ প্ৰিয় যেন কৃষ্ণসাৰ বা যুৱা হৰিণ; সৌৱা চোৱা, তেওঁ আমাৰ দেৱালৰ পাছফালে থিয় হৈ আছে, তেওঁ খিড়িকিবোৰেদি চাই পঠাইছে, চিলিঙৰ মাজেদি উকি মাৰিছে,
10মোৰ প্ৰিয়ই মোক ক’লে, “হে মোৰ প্ৰিয়া, উঠা; হে মোৰ সুন্দৰী, আহাঁ।
11চোৱা, শীতকাল গ’ল, বর্ষাও শেষ হৈ গুছি গ’ল।