31এই দৰ্শন দেখি মোচি আচৰিত হ’ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ’ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে-
32‘মই তোমাৰ পিতৃপুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।’ মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।
33পাছত প্ৰভুৱে তেওঁক কলে, ‘তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
34মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।’
35এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে?’ তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
36মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
37এই জন মোচিয়েই ইস্ৰায়েলী ভাই সকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।
38তেৱেঁই মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
39এই জনে আমাৰ ওপৰ-পিতৃ, যি জনৰ কথা আমাৰ পূৰ্ব-পুৰুষ সকলে মানিবলৈ অসন্মত হৈ, তেওঁক অগ্রাহ্য কৰিছিল আৰু মিচৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল।
40সেই সময়ত তেওঁলোকে হাৰোণক কলে, “মোচিয়ে আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; কিন্তু তেওঁৰ কি হ’ল আমি তাক নাজনো। গতিকে, আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূর্তি সাজি দিয়ক।”
41তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।
42তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
43তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
44মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
45পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।