14কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷
15আৰু ধাৰ্মিক, অধার্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হ’ব বুলি এখেত সকলে যি আশাৰে বাট চাই আছে, ঈশ্বৰত ময়ো সেই আশা কৰোঁ।
16এই কাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নির্ব্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ।
17এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবেদ্য উৎসর্গ কৰিবলৈ আহিছিলো।
18এতিয়া সেই কার্যতেই এচিয়াৰ কিছুমান ইহুদী লোকেহে মোক যিৰূচালেম মন্দিৰত শুচিকৃত উৎসৱত পালে; মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেত সকলেহে হুৰামুৰা লগালে।
19ইয়াৰ উপৰি মোৰ অহিতে যদি এখেত সকলৰ কোনো কথা আছিল, তেনেহলে আপোনাৰ ওচৰত ব্যক্তি সমূহে নিজে আহি গোচৰ দিব লাগিছিল।
20নতুবা, মই মহাসভাৰ আগত থিয় হৈ থাকোঁতে, এই একেই লোক সমূহে মোৰ কি দোষ পালে, সেই বিষয়ে এখেত সকলে নিজেই কোৱা উচিত আছিল;