9প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
10মই তোমাৰ লগত আছোঁ, কোনেও তোমাক হানি কৰিব নোৱাৰে, মোৰ বহু লোক এই নগৰত আছে৷’’
11তাতে পৌলে এবছৰ ছয় মাহ তেওঁলোকৰ মাজত থাকি ঈশ্বৰৰ বাক্য শিকালে।
12তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
13তেওঁলোকে কলে, “এই লোক জনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।”
14পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, “হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়।
15কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷”