Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 22

গননা 22:13-27

Help us?
Click on verse(s) to share them!
13পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
14তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
15বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
16তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
17কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
18তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
19এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
20পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
21বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
22পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
23তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
24তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
25গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
26যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
27তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।

Read গননা 22গননা 22
Compare গননা 22:13-27গননা 22:13-27