Text copied!
Bibles in Assamese

গননা 22:13-27 in Assamese

Help us?

গননা 22:13-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
14 তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
15 বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
16 তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
17 কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
18 তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
19 এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
20 পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
21 বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
22 পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
23 তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
24 তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
25 গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
26 যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
27 তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
গননা 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019