Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 8

উপ 8:11-17

Help us?
Click on verse(s) to share them!
11অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।
12পাপী লোকে যদিও এশটা কুকৰ্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হ’ব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
13কিন্তু দুষ্ট লোকৰ হ’লে মঙ্গল নহব; তেওঁলোকৰ আয়ুস বৃদ্ধি নাপাব; তেওঁলোকৰ জীৱনকাল দ্রুতগামী ছাঁ স্বৰূপ; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় নহয়।
14পৃথিবীত ঘটা আন এটা অসাৰ বিষয় হৈছে দুষ্ট লোকে তেওঁলোকৰ কার্য অনুসাৰে পাবলগীয়া দুষ্টতাৰ ফল ধাৰ্মিক লোকে ভোগ কৰে আৰু ধার্মিক লোকে পাবলগীয়া ফল দুষ্ট লোকে ভোগ কৰে। মই ক’লো, ইও অসাৰ।
15সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।
16প্রজ্ঞা পাবলৈ আৰু পৃথিৱীত যি কৰা হয়, তাক জানিবলৈ, দিনে-ৰাতিয়ে কাম কৰি চকুৱে নুশোৱাকৈ থাকে তাক বুজিবৰ কাৰণে যেতিয়া মই মনোযোগ দিলোঁ,
17তেতিয়া মই ঈশ্বৰৰ সকলো কাৰ্য বিবেচনা কৰি বুজিলো যে, সূৰ্যৰ তলত যি কাৰ্য কৰা হয়, মানুহে তাক সম্পূর্ণকৈ বুজিব নোৱাৰে। সেয়ে মানুহে তাৰ উত্তৰ বিচাৰি পাবলৈ সকলো ধৰণৰ পৰিশ্রম কৰিলেও তাক বিচাৰি পাব নোৱাৰে। এনেকি, জ্ঞানৱান লোকেও যদি তাক জানো বুলি বিশ্বাস কৰে, তেওঁ প্রকৃততে সম্পূর্ণকৈ নাজানে।

Read উপ 8উপ 8
Compare উপ 8:11-17উপ 8:11-17