15মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
16ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
17তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।