Text copied!
Bibles in Assamese

উপ 5:15-17 in Assamese

Help us?

উপ 5:15-17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
16 ইও এক ভীষণ দুখৰ বিষয় যে, এজন ব্যক্তি যেনেকৈ আহে, তেনেকৈয়ে গুছি যায়; সেয়ে তেওঁৰ কি লাভ? তেওঁতো বতাহক ধৰিবলৈহে পৰিশ্ৰম কৰে।
17 তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।
উপ 5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019