Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 2

উপ 2:22-26

Help us?
Click on verse(s) to share them!
22সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়?
23প্রত্যেক দিনা তেওঁৰ কামত দুখ আৰু বিৰক্তি থকে; এনেকি ৰাতিও তেওঁৰ মনে বিশ্রাম নাপায়। ইও অসাৰ।
24তেন্তে মানুহৰ পক্ষে ভোজন-পান কৰা আৰু নিজ পৰিশ্ৰমত সন্তুষ্ট হৈ থকাৰ বাহিৰে উত্তম একোকে নাই। মই দেখিলোঁ যে এই সকলো ঈশ্বৰৰ হাতৰ পৰাহে আহে।
25কাৰণ ঈশ্বৰে নিদিলে কোনে মোক বাদ দি খাব পাৰে অথবা কোনে যি কোনো ধৰণৰ আনন্দ ভোগ কৰিব পাৰে?
26যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।

Read উপ 2উপ 2
Compare উপ 2:22-26উপ 2:22-26