14মহনয়িমত ইদ্দোৰ পুত্ৰ অহীনাদব আছিল৷
15নপ্তালীত অহীমাচ, তেৱোঁ চলোমনৰ জীয়েক বাচমতক বিয়া কৰিছিল,
16আচেৰত আৰু বালোতত হূচয়ৰ পুত্ৰ বানা,
17ইচাখৰত পাৰূহৰ পুত্ৰ যিহোচাফট আছিল৷
18বিন্যামীনত এলাৰ পুত্ৰ চিমিয়ী,
19আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
20যিহূদা আৰু ইস্ৰায়েল সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য আছিল৷ তেওঁলোকে ভোজন-পান আৰু ৰং ধেমালি কৰিছিল।
21চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।
22চলোমনৰ প্ৰতিদিনৰ আহাৰত প্রয়োজন হৈছিল, দ্ৰব্য ত্ৰিশ কোৰ উত্তম মিহি আটাগুড়ি আৰু ষাঠি কোৰ সাধাৰণ আটাগুড়ি,
23দহোটা পুষ্ট ষাঁড় গৰু, চৰণীয়া পথাৰৰ পৰা অনা গৰু বিশটা আৰু এশ টা মেৰ-ছাগ; ইয়াৰ উপৰিও হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু আৰু পুষ্ট পক্ষী।
24কিয়নো তেওঁ টিপচহৰ পৰা গাজালৈকে, ফৰাৎ নদীৰ ইপাৰে থকা সমূদায় দেশৰ, নদীৰ ইপাৰে থকা সকলো ৰজাৰ ওপৰত ৰাজত্ব কৰিলে আৰু তেওঁৰ চাৰিওফালৰ অঞ্চল শান্তিপূৰ্ণ আছিল৷
25চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।
26চলোমনৰ ৰথৰ কাৰণে চল্লিশ হাজাৰ ঘোঁৰাশাল আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল।
27প্ৰতিজন বিষয়াই চলোমন ৰজাৰ কাৰণে আৰু তেওঁৰ মেজলৈ অহা সকলোৰে কাৰণে নিজ নিজ নিৰূপিত মাহত খোৱা সমল যোগাইছিল৷ তেওঁলোকে কোনো বস্তুৰ নাটনি হ’বলৈ দিয়া নাছিল৷
28তেওঁলোকৰ প্ৰতিজনে নিজ নিজ নিৰূপিত কাৰ্যৰ দৰে, সাধাৰণ আৰু বেগী ঘোঁৰাৰ কাৰণে, দিবলগীয়া ঠাইলৈ যৱ ধান আৰু খেৰ আনিছিল।
29ঈশ্বৰে চলোমনক অতিশয় অধিক জ্ঞান আৰু বুদ্ধি দিলে আৰু সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা অধিক বিষয় বুজিবলৈ এক বহল মন দিলে।
30তাতে চলোমনৰ জ্ঞান পূব দেশত থকা সকলো লোক আৰু মিচৰীয়া লোকসকলৰ জ্ঞানতকৈ অত্যাধিক হ’ল।
31তেওঁ সকলোতকৈ জ্ঞানৱান; তেওঁ ইজ্ৰাহীয়া এথন, মাহোলৰ পুত্ৰ হেমন, কলকোল আৰু দৰ্দা, এই সকলোতকৈয়ো অধিক জ্ঞানৱান হ’ল। আৰু তেওঁৰ যশস্যা চাৰিওফালে থকা সকলো জাতিৰ মাজত বিয়পি গ’ল।
32তেওঁ তিনি হাজাৰ নীতি বাক্য কৈছিল আৰু তেওঁৰ গীতৰ সংখ্যা এক হাজাৰ পাঁচ টা আছিল।
33তেওঁ লিবানোনত থকা এৰচ গছৰ পৰা গড়ৰ গাত গজা এচোব বনলৈকে সকলো গছৰ বিষয়ে বর্ণনা কৰিছিল৷ তেওঁ পশু, পক্ষী, উৰগ জন্তু আৰু মাছৰ বিষয়েও ব্যাখ্যা কৰিছিল।