5“আহাঁ, মোৰ আহাৰ ভোজন কৰা, আৰু মই মিহলাই থোৱা দ্ৰাক্ষাৰস পান কৰা।
6শিক্ষাবিহীন পথ এৰি জীৱন ধাৰণ কৰা, সুবিবেচনাৰ পথত চলা।
7যিজনে নিন্দক লোকক শিক্ষা দিয়ে, তেওঁ অপমান পায়, আৰু যিজনে দুষ্টক অনুযোগ কৰে, তেওঁ মনত আঘাত পায়।
8তুমি নিন্দক লোকক অনুযোগ নকৰিবা, কৰিলে তেওঁ তোমাক ঘিণ কৰিব; জ্ঞানী লোকক অনুযোগ কৰা, তেওঁ তোমাক প্ৰেম কৰিব।
9জ্ঞানী লোকক শিক্ষা দিয়া, তেওঁ অধিক জ্ঞানী হ’ব; ধাৰ্মিক লোকক শিক্ষা দিয়া, তেওঁ শিক্ষাত বৃদ্ধি পাব।
10যিহোৱালৈ ভয় ৰখাই প্রজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
11কিয়নো মোৰ দ্বাৰাই তোমাৰ আয়ুস বৃদ্ধি হ’ব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ বাঢ়ি যাব।