Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 7

হিতো 7:20-27

Help us?
Click on verse(s) to share them!
20তেওঁ তেওঁৰ লগত ধনৰ মোনা লৈ গৈছে, তেওঁ পুৰ্ণিমাৰ দিনহে ঘূৰি আহিব।”
21তাই তাইৰ প্রলোভনযুক্ত কথাৰে তেওঁক মান্তি কৰালে; আৰু তাইৰ মধুৰ কথাৰে বাধ্য কৰালে।
22তেওঁ কাটিবলৈ নিয়া গৰুৰ দৰে বা ফান্দত ধৰা পৰা হৰিণৰ দৰে তাইৰ পাছে পাছে গ’ল।
23যেতিয়ালৈকে কলিজাৰ মাজেৰে কাঁড়ে নিবিন্ধে বা চৰাই জালৰ ফান্দত পৰিবলৈ যিদৰে শীঘ্ৰে উড়ি যোৱাৰ দৰে, ইয়াৰ মূল্য যে তেওঁৰ জীৱন হ’ব পাৰে, সেই কথা তেওঁ নজনাকৈ তাইৰ পাছে পাছে গৈ থাকিল।
24আৰু এতিয়া হে মোৰ পুত্র, মোৰ কথা শুনা, মই কোৱা কথালৈ মনোযোগ দিয়া।
25তোমাৰ হৃদয় তাইৰ ফাললৈ ঢাল খাব নিদিবা, আৰু তুমি তাইৰ পথত গৈ বিপথগামী নহবা।
26তাই অনেকক আনি নষ্ট কৰিছে, তেওঁলোকক গণনা কৰিব নোৱাৰি।
27তাইৰ ঘৰেই চিয়োললৈ যোৱা বাট, আৰু মৃত্যুৰ অন্তঃপুৰলৈ নামি যোৱা পথ।

Read হিতো 7হিতো 7
Compare হিতো 7:20-27হিতো 7:20-27