13সেয়ে তাই তেওঁক সাৱটি ধৰি চুমা খালে; তাই দুঃসাহসেৰে তেওঁক ক’লে,
14“মই আজি মোৰ মঙ্গলাৰ্থক বলিদান কৰিলোঁ, মই মোৰ সঙ্কল্প সিদ্ধ কৰিলোঁ;
15সেয়ে মই আপোনাক লগ পাবলৈ বাহিৰলৈ আহিলোঁ, মই আগ্ৰহেৰে আপোনাক বিচাৰিছিলোঁ, আৰু মই আপোনাক বিচাৰি পালোঁ।
16মই মোৰ বিচনা মিচৰৰ পৰা অনা ৰঙীণ কাপোৰেৰে ঢাকিলোঁ।
17মই গন্ধৰস, অগৰু, আৰু ডালচেনিৰে মোৰ বিচনা সুগন্ধি কৰিলোঁ।