9তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।”
10হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
11মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।
12তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।
13নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।
14পাপীবোৰৰ পথ অনুসৰণ নকৰিবা, আৰু যিসকলে দুষ্টকৰ্ম কৰে, তেওঁলোকৰ পথত নাযাবা।
15তেওঁলোকৰ পৰা দূৰত থাকিবা, সেই পথত নাযাবা, সেই পথৰ পৰা ঘূৰি আহাঁ, আৰু অন্য পথত যোৱা;
16কাৰণ তেওঁলোকে কুকৰ্ম নকৰালৈকে তেওঁলোকৰ টোপনি নাহে, আৰু তেওঁলোকে কোনো লোকক উজুটি নোখোৱালৈকে তেওঁলোকৰ টোপনি নাহে।
17কাৰণ তেওঁলোকে দুষ্টতাৰূপ পিঠা ভোজন কৰে, আৰু উপদ্ৰৱৰূপ দ্ৰাক্ষাৰস পান কৰে।
18ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।