Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 3

হিতো 3:3-10

Help us?
Click on verse(s) to share them!
3বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।
5তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
6তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
7তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8ই তোমাৰ শৰীৰ সুস্থ কৰিব, আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
9আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
10সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।

Read হিতো 3হিতো 3
Compare হিতো 3:3-10হিতো 3:3-10