13যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
14ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
15প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
16তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
17তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; আৰু তেওঁৰ সকলো পথ শান্তিময়।
18যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
19যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
20তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।
21হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
22তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
23তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
24তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; তুমি যেতিয়া শুবা; তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।