Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 31

হিতো 31:20-26

Help us?
Click on verse(s) to share them!
20তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।
23যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়;
24তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে।
25তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে।
26তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে।

Read হিতো 31হিতো 31
Compare হিতো 31:20-26হিতো 31:20-26