12তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে।
13তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে।
14তেওঁ বণিকৰ জাহাজৰ দৰে, তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে,
15তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে।
16তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে।
17তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, আৰু নিজৰ বাহু বলৱান কৰে।
18তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে।
20তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে।
21তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে।
22তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে।