Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 30

হিতো 30:3-10

Help us?
Click on verse(s) to share them!
3আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
4কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
5ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
7মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
8অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
9কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
10দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।

Read হিতো 30হিতো 30
Compare হিতো 30:3-10হিতো 30:3-10