13সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
14তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
15জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
16চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।”
17যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
18ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
19ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
20এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
21তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
22যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
23ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
24পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
25পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
26চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;