16কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
17যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
18কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
19কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা, আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
20কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
21হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
22কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
23এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
24যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,” তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
25কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব, আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।