23কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
24যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়;
25নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
26ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
27যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব?
28তোমাৰ পিতৃয়ে স্থাপন কৰা, পূৰ্বৰ সীমাৰ শিল নুগুচাবা।
29নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব।