10নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, এনে কি বিৰোধ আৰু অপমানো নহ’ব।
11যিজনে শুদ্ধ হৃদয় ভাল পায়, আৰু যাৰ কথা অমায়িক, তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব।
12যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে।
13এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইত মোক বধ কৰিব।”
14ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব।
15সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে।
16নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব।
17জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা।