Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 21

হিতো 21:20-26

Help us?
Click on verse(s) to share them!
20জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়; তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে; কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে; কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।

Read হিতো 21হিতো 21
Compare হিতো 21:20-26হিতো 21:20-26