Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 21

হিতো 21:18-23

Help us?
Click on verse(s) to share them!
18সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়; আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়।
19দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ, মৰুভূমিত বাস কৰাই ভাল।
20জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে; কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়, তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে, তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।

Read হিতো 21হিতো 21
Compare হিতো 21:18-23হিতো 21:18-23