10দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে, আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
11যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়, আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।
12যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে; তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।