6যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে।
7যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।
8হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা;
9তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব।
10হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা।
11তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক।
12আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক।
13আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম।
14তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।”
15হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা।
16তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
17যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
18সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে।