28তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব;
29কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে।
30তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে।
31তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব।