Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 17

হিতো 17:17-25

Help us?
Click on verse(s) to share them!
17বন্ধু সকলো সময়তে প্রিয় হয়; আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়।
18জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়।
19যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে।
20কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছা কথা কয়, তেওঁ বিপদত পৰে।
21যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে।
22আনন্দিত হৃদয় ভাল ঔষধ হয়; কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়।
23ন্যায়ৰ পথ বিপথগামী কৰিবলৈ দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে।
24যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
25অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক।

Read হিতো 17হিতো 17
Compare হিতো 17:17-25হিতো 17:17-25