Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 15

হিতো 15:20-32

Help us?
Click on verse(s) to share them!
20জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
21জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
22পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
23মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
24দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে।
25যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
26যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
27ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
28সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
29যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
30চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
31যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
32যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।

Read হিতো 15হিতো 15
Compare হিতো 15:20-32হিতো 15:20-32