Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - হিতো - হিতো 14

হিতো 14:21-28

Help us?
Click on verse(s) to share them!
21যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে; কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
22যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়? কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়; কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট; কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
25সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে; কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
26যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস, আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
27যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ, ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
28ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়; কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।

Read হিতো 14হিতো 14
Compare হিতো 14:21-28হিতো 14:21-28