10অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
11অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
12যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
13যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
14জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
15ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
16জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে।
17দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।