Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 4

লেবীয়া 4:9-22

Help us?
Click on verse(s) to share them!
9ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব।
10মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।
11পাছত সেই ষাঁড়-গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে,
12ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।
13ইস্ৰায়েলী লোকসকলে যদি নজনাকৈ পাপ কৰে আৰু যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে, আৰু তেওঁলোক যদি দোষী হয়,
14আৰু ইস্ৰায়েলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে এটা দমৰা ষাঁড়-গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব।
15তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই ষাঁড়-গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।
16তেতিয়া অভিষিক্ত পুৰোহিত জনে ষাঁড়-গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব;
17আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
18তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব।
19তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।
20তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব।
21তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।
22যেতিয়া কোনো শাসনকৰ্ত্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ যিহোৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে, আৰু তেওঁ যদি দোষী হয়,

Read লেবীয়া 4লেবীয়া 4
Compare লেবীয়া 4:9-22লেবীয়া 4:9-22