Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 3

লেবীয়া 3:5-9

Help us?
Click on verse(s) to share them!
5তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
6আৰু যদি তেওঁ যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলিৰ উপহাৰ মেৰ-ছাগ বা ছাগলীৰ জাকৰ পৰা দিয়ে, তেন্তে তেওঁ নিঘূণ মতা বা মাইকী পশু উৎসৰ্গ কৰিব।
7নিজ উপহাৰৰ অৰ্থে যদি তেওঁ মেৰ-ছাগ পোৱালি উৎসৰ্গ কৰে, তেন্তে তেওঁ তাক যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।
8তেওঁ নিজ উপহাৰৰ মূৰত হাত দিব আৰু সাক্ষাৎ কৰা তম্বুৰ সন্মুখত তাক কাটিব; তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীৰ কাষৰ চাৰিওফালে তাৰ তেজ ছটিয়াই দিব।
9পাছত তেওঁ সেই মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তাৰ তেল, গোটেইডাল নেগুৰ, নাড়ী-ভুৰু ঢকা তেল আৰু নাড়ীত লাগি থকা আটাই তেল,

Read লেবীয়া 3লেবীয়া 3
Compare লেবীয়া 3:5-9লেবীয়া 3:5-9