12তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা; কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব।
13আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা; তুমি নিজ ভক্ষ্য নৈবেদ্যত, নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ, তাক দিবলৈ ক্রুটি নকৰিবা; তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা।
14তুমি যদি যিহোৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্য স্বৰূপে জুইত পোৰা থোক, অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা।