Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 26

লেবীয়া 26:34-39

Help us?
Click on verse(s) to share them!
34যেতিয়ালৈতে দেশ উচ্ছন্ন হৈ থাকিব আৰু তোমালোক শত্ৰুবোৰৰ দেশত থাকিবা তেতিয়ালৈকে দেশে নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব; সেই কালত দেশে বিশ্ৰাম পাই, নিজৰ বিশ্ৰাম-বছৰবোৰ ভোগ কৰিব।
35যিমান কাল সেয়ে উচ্ছন্ন হৈ থাকিব, সিমান কাল বিশ্ৰাম কৰিব; তোমালোকে দেশত বাস কৰা কালত তোমালোকৰ বিশ্ৰাম-বছৰবোৰত যি যি বিশ্ৰাম ভোগ কৰা নাই, দেশে তাক ভোগ কৰিব।
36আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
37আৰু কোনেও তোমালোকক খেদি নিনিলেও তৰোৱালৰ আগৰ পৰা পলাওঁতে ইজনে-সিজনৰ লগত খুন্দা খাই পৰিবা; আৰু শত্ৰুবোৰৰ সন্মুখত থিয় হ’বলৈ তোমালোকৰ শক্তি নাথাকিব।
38আৰু তোমালোক জাতি সমূহৰ মাজত বিনাশ হ’বা, আৰু তোমালোকৰ শত্ৰুবোৰৰ দেশে তোমালোকক গ্ৰাস কৰিব।
39আৰু তোমালোকৰ মাজৰ অৱশিষ্ট ভাগ নিজ নিজ অপৰাধৰ কাৰণে শত্ৰুবোৰৰ দেশত ক্ষীণ হৈ যাব, আৰু তেওঁলোকৰ নিজৰ আৰু পুৰ্ব্ব-পুৰুষসকলৰ অপৰাধৰ কাৰণেও ক্ষীণ হৈ যাব।

Read লেবীয়া 26লেবীয়া 26
Compare লেবীয়া 26:34-39লেবীয়া 26:34-39