20কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”
21তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।
22পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।
23আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।
24আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।
25তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।