Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লেবীয়া - লেবীয়া 19

লেবীয়া 19:31-34

Help us?
Click on verse(s) to share them!
31ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
32তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
33আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
34তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।

Read লেবীয়া 19লেবীয়া 19
Compare লেবীয়া 19:31-34লেবীয়া 19:31-34