27আৰু পুৰোহিতে সোঁ আঙুলিৰে বাওঁ হাতৰ তলুৱাত থকা সেই তেল অলপ অলপকৈ সাতবাৰ যিহোৱাৰ সন্মুখত ছটিয়াব।
28আৰু পুৰোহিতে নিজৰ হাতৰ তলুৱাত থকা তেলৰ কিছু লৈ, শুচি হ’ব লগীয়া লোক জনৰ সোঁ কাণৰ মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত পুৰ্বে দিয়া সেই দোষাৰ্থক বলিৰ তেজ থকা সেই একে ঠাইবোৰৰ ওপৰত লগাই দিব।
29আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
30পাছত সেই লোক জনৰ সমৰ্থ অনুসাৰে অনা সেই কপৌ দুটাৰ বা পাৰ পোৱলি দুটাৰ মাজৰ এটা উৎসৰ্গ কৰিব;
31অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব।
32কুষ্ঠৰোগৰ ঘা থকা যি লোক জনে নিজকে শুচি কৰা সময়ত নিয়মিত বলিদান আদি দিবলৈ অসমৰ্থ, তাৰ এই নিয়ম।”
33পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
34“মই যি দেশ অধিকাৰ অৰ্থে তোমালোকক দিম, সেই কনান দেশত তোমালোকে যেতিয়া সোমাবা, তোমালোকে অধিকাৰ কৰা সেই দেশৰ কোনো এটা ঘৰত যদি মই কুষ্ঠৰোগৰ দাগ উৎপন্ন কৰোঁ,