Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - লূক - লূক 9

লূক 9:27-37

Help us?
Click on verse(s) to share them!
27কিন্তু মই তোমালোকক সত্যকৈ কওঁ, ইয়াতে থিয় হৈ থকা লোক সকলৰ মাজতে কিছুমান লোক আছে, যি সকলে ঈশ্ৱৰৰ ৰাজ্য নেদেখালৈ মৃত্যুৰ সোৱাদ নাপাব৷”
28এই কথা কোৱাৰ আঠ দিন মানৰ পাছত, তেওঁ পিতৰ, যোহন আৰু যাকোবক লগত লৈ, প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
29তাতে প্ৰাৰ্থনা কৰোঁতে তেওঁৰ মুখমণ্ডলৰ সৌন্দর্য্যই অন্যৰূপ ললে আৰু তেওঁৰ কাপোৰবোৰ বগা আৰু চক্‌মকীয়া হ’ল।
30সেই সময়ত দুজন মানুহে তেওঁৰ সৈতে কথা-বাৰ্ত্তা কৰি থকা তেওঁলোকে দেখিলে, তেওঁলোক মোচি আৰু এলিয়া আছিল;
31তেওঁলোকক প্ৰতাপযুক্ত দেখা গৈছিল৷ তেওঁলোকে ঈশ্ৱৰৰ পৰিকল্পনা অনুসাৰে যীচুৱে কেনেদৰে যিৰূচালেমত মৃত্যুবৰণ কৰিব, সেই বিষয়ে কথা পাতি আছিল।
32তেতিয়া পিতৰ আৰু তেওঁৰ লগত যোৱা কেইজনৰ বৰ টোপনি ধৰিছিল; তথাপি জাগি থাকি, তেওঁৰ মহিমা আৰু তেওঁৰ ওচৰত থকা সেই দুজন মানুহক দেখা পালে।
33তাতে তেওঁলোক তেওঁৰ ওচৰৰ পৰা যাবলৈ ধৰোতে, পিতৰে যীচুক ক’লে, “হে নাথ, ইয়াত থকা আমাৰ ভাল; আৰু আমি আপোনালৈ এটা, মোচিলৈ এটা, আৰু এলিয়ালৈ এটা, এনেদৰে তিনিটা পঁজা সাজোঁ৷” পিতৰে যি কথা কৈছিল সেই বিষয়ে তেওঁৰ কোনো জ্ঞান নাছিল৷
34এই কথা কওঁতেই, এচমকা মেঘ আহি তেওঁলোকক ছাঁ কৰি ধৰিলে; তাতে মেঘ চাৰিওফালেদি সোমাওঁতে, তেওঁলোকৰ ভয় লাগিল।
35তেতিয়া সেই মেঘৰ পৰা এই বাণী শুনিলে, “এওঁ মোৰ প্ৰিয় পুত্ৰ, মোৰ মনোনীত জন, এওঁৰ কথা শুনা।”
36সেই বাণী হোৱা মাত্ৰে, যীচুক অকলে দেখা গ’ল আৰু তেওঁলোকে সেই সময়ত যি যি দেখিছিল, নীৰৱে থাকি কাকো একো কথা কোৱা নাছিল৷
37তাৰ পাছদিনা তেওঁলোক পৰ্বতৰ পৰা নমাৰ পাছত বহু মানুহৰ এটা দল তেওঁৰ আগত উপস্থিত হ’ল।

Read লূক 9লূক 9
Compare লূক 9:27-37লূক 9:27-37