Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 9

যোহন 9:6-10

Help us?
Click on verse(s) to share them!
6এই কথা কোৱাৰ পাছত তেওঁ মাটিত থুই পেলাই, থুইৰে বোকা কৰিলে আৰু অন্ধ লোক জনৰ চকুত সেই বোকা সানি বা লিপি দিলে।
7তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।
8তাকে দেখি তেওঁৰ প্রতিবেশী আৰু যি সকলে তেওঁক আগেয়ে ভিক্ষা কৰা দেখিছিল, তেওঁলোকে কবলৈ ধৰিলে, “ই সেই জন মানুহ নহয় নে, যি জনে বহি ভিক্ষা মাগি থাকে?”
9কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
10তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”

Read যোহন 9যোহন 9
Compare যোহন 9:6-10যোহন 9:6-10