Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 8

যোহন 8:8-36

Help us?
Click on verse(s) to share them!
8পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে।
9এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল।
10যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, “হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?”
11তাই ক’লে, “নাই, কোনেও নকৰিলে প্ৰভু।” যীচুৱে ক’লে, “ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।”
12ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
13তেতিয়া ফৰীচী সকলে তেওঁক ক’লে, “তোমাৰ সাক্ষ্য সত্য নহয়, কাৰণ তুমি নিজে নিজৰ বিষয়ে সাক্ষ্য দিছা।”
14যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যদিও মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, তথাপি মোৰ সাক্ষ্য সত্য; কিয়নো মই ক’ৰ পৰা আহিলোঁ, আৰু ক’লৈ গৈ আছোঁ, সেই বিষয়ে মই জানো; কিন্তু আপোনালোকে মই ক’ৰ পৰা আহিছোঁ, বা ক’লৈ যাওঁ সেই বিষয়ে নাজানে।
15আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
16তথাপি যদি বিচাৰ কৰোঁ, তেনেহলে মোৰ সোধ-বিচাৰ সত্য; কিয়নো মই অকলশৰীয়া নহওঁ; মইতো আছোঁৱেই, আৰু মোক পঠোৱা পিতৃও আছে।
17আপোনালোকৰ বিধানত লিখা আছে, দুজনৰ সাক্ষ্য যদি একে হয়, তেনেহলে ই সত্য হয়।
18মই নিজৰ বিষয়ে নিজে সাক্ষ্য দিছোঁ, আৰু মোক পঠোৱা পিতৃয়েও মোৰ বিষয়ে সাক্ষ্য দিছে।”
19তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।”
20মন্দিৰৰ ধনভঁৰালৰ কাষত থাকি শিক্ষা দিওঁতে তেওঁ এইবোৰ কথা ক’লে; তথাপি তেতিয়াও তেওঁৰ সময় উপস্থিত হোৱা নাই বাবে কোনেও তেওঁক বন্দী নকৰিলে।
21পাছত তেওঁ আকৌ ফৰীচী সকলক ক’লে, “মই যাওঁ; আপোনালোকে মোক বিচাৰিব, কিন্তু আপোনালোক নিজ নিজ পাপতে মৰিব। মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ আপোনালোকে যাব নোৱাৰে।”
22তেতিয়া ইহুদী সকলে ক’লে, “এওঁ কি আপোনঘাতী হ’ব নেকি? কিয়নো ‘মই যি ঠাইলৈ যাওঁ আপোনালোকে সেই ঠাইলৈ যাব নোৱাৰে’ বুলি যে কৈছে?”
23তেওঁ তেওঁলোকক ক’লে, “আপোনালোক তলৰ পৰা আহিছে আৰু মই ওপৰৰ পৰা আহিছোঁ; আপোনালোক এই জগতৰ; কিন্তু মই এই জগতৰ নহওঁ।
24এই কাৰণতে আপোনালোকক ক’লো যে, ‘আপোনালোক নিজ নিজ পাপ সমূহতে মৰিব’; আপোনালোকে যদি বিশ্বাস নকৰে যে ময়েই সেই জন, তেনেহলে অাপোনালোক নিজ নিজ পাপ সমূহত মৰিব।”
25তেতিয়া তেওঁলোকে তেওঁক সুধিলে “তুমি নো কোন?” যীচুৱে তেওঁলোকক ক’লে, “সেই বিষয়ে প্ৰথমৰে পৰা মই আপোনালোকক কৈ আছোঁ।
26আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
27তেওঁ যে পিতৃৰ বিষয়ে এই কথা ক’লে ইয়াক তেওঁলোকে বুজি নাপালে।
28সেয়ে যীচুৱে ক’লে, “আপোনালোকে যেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিব, তেতিয়া আপোনালোকে জানিব যে মইয়ে সেই জন আৰু মই নিজৰ পৰা একো নকৰোঁ। পিতৃয়ে যেনেকৈ মোক শিকাইছে, মই সেইদৰেই এইবোৰ কথা কৈছোঁ।
29মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
30যীচুৱে যেতিয়া এইবোৰ কথা কৈ আছিল, অনেকে তেওঁত বিশ্বাস কৰিলে।
31যি ইহুদী সকলে তেওঁক বিশ্বাস কৰিলে, যীচুৱে তেওঁলোকক ক’লে, “মোৰ বাক্যতে যদি আপোনালোক থাকে, তেনেহলে সঁচাকৈয়ে আপোনালোক মোৰ শিষ্য;
32আৰু আপোনালোকে সত্যক জানিব আৰু সেই সত্যই আপোনালোকক মুক্ত কৰিব।”
33তেওঁলোকে তেওঁক উত্তৰ দিলে, “আমি অব্ৰাহামৰ বংশধৰ; আৰু কেতিয়াও কাৰো সেৱাকৰ্ম কৰা নাই; তেনেস্থলত ‘আপোনালোকক মুক্ত কৰা হ’ব’, এনে কথা তুমি কেনেকৈ কৈছা?”
34যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক সঁচাই কওঁ, যি কোনোৱে পাপ-আচৰণ কৰে তেওঁ পাপৰ দাস।
35দাস পৰিয়ালত চিৰকাল নাথাকে, কিন্তু সন্তান হ’লে সদায় পৰিয়ালত থাকে।
36এই কাৰণে পুত্ৰই যদি আপোনালোকক মুক্ত কৰে, তেনেহলে আপোনালোক অৱশ্যেই মুক্ত হ’ব।

Read যোহন 8যোহন 8
Compare যোহন 8:8-36যোহন 8:8-36